“বৰনগৰত অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ চিলাৰায়ৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি।”

বৰনগৰ আছিল সেইসময়ৰ কোঁচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী আৰু এই বৰনগৰৰ ভিতৰতে সৰভোগ ৷ ২০১১ চনত সৰভোগ সমষ্টিবাসী ৰাইজে মোক পোনপ্ৰথমবাৰৰ বাবে যেতিয়া বিধায়ক হিচাবে নিৰ্বাচিত কৰিছিল তেতিয়াই মই এটা সপোন দেখিছিলোঁ যে, সৰভোগত বীৰ চিলাৰায়ৰ পূৰ্ণাংগ ব্ৰঞ্জৰ মূৰ্তি এটা স্থাপন কৰিম আৰু ২০১১ চনৰ আশাটো আজি বাস্তৱত ৰূপায়িত হ’বলৈ গৈছে ৷

প্ৰায় ৩,৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জৰে নিৰ্মিত আৰু ১০ ফুট উচ্চতাৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি প্ৰায় ১৪ ফুট ওখ বেদী এটাত সৰভোগত স্থাপন কৰা হ’ব ৷ এই চেগতে জনাব বিচাৰো যে, মিৰ্জাৰ ভাস্কৰ্য শিল্পী শ্ৰী বিজু দাসে এই প্ৰতিমূৰ্তিটো অতি সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে ৷

অহা কালিলৈ এই প্ৰতিমূৰ্তি ভাগ সৰভোগ পাবগৈ ৷ তাত কিছুদিন বেদীৰ যাৱতীয় কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব ৷ ২০১১ চনতে দেখা সপোন এটি আজি ২০২২ চনত হ’লেও যে পূৰণ কৰিব পাৰিছোঁ তাৰবাবে মই ভগৱানৰ ওচৰত শত কোটি প্ৰণাম জনাইছোঁ ৷

ইয়াৰোপৰি, বৰনগৰবাসী ৰাইজৰ লগতে সৰভোগবাসী ৰাইজকো কৃতজ্ঞতা জনাইছোঁ ৷ তেখেতসকলৰ আশীৰ্বাদৰে মই বিধায়ক হিচাবে নিৰ্বাচিত নোহোৱা হ’লে আজি এই প্ৰতিমূৰ্তি ভাগ নিৰ্মাণ কৰাটো সম্ভৱ নহ’লহেঁতেন ৷
সৰভোগ সমষ্টিত মই যিমানবোৰ কাম কৰিছোঁ তাৰ অন্তিমটো কাম আছিল এই প্ৰতিমূৰ্তি স্থাপন ৷ এই প্ৰতিশ্ৰুতিটোৱেই মই পালন কৰিব পৰা নাছিলোঁ ৷ আজি প্ৰতিশ্ৰুতি পালন কৰি মই অত্যন্ত সুখী হৈছোঁ আৰু পুনৰবাৰ সৰভোগবাসী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷