আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰহিত্যত মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ ৷
এই কনফাৰেন্সত সতীৰ্থ মন্ত্ৰী শ্ৰী যোগেন মহন, জিলা উপায়ুক্ত সকল, চক্ৰ বিষয়াসকল আৰু বিধায়কসকল উপস্থিত থাকে ৷

বিগত সময়ৰ পৰা ৰাজ্য চৰকাৰে ভাৰতীয় খাদ্য নিগমৰ অধীনত অসমৰ কৃষক সকলৰ পৰা বৃহৎ পৰিমাণৰ ধান ক্ৰয় কৰি আহিছে ৷ আগন্তুক দিনত ইয়াৰ পৰিমাণ অধিক ৰূপত বৃদ্ধি কৰিবলৈ আৰু এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আজিৰ এই কনফাৰেন্সত বিশদ ভাৱে আলোচনা কৰা হয় ৷

উল্লেখ্য যে,
গড় হিচাপত প্ৰতিজন কৃষকৰ পৰা প্ৰায় ৫০ কুইন্টল ধান ক্ৰয়েৰে মুঠ ২ লাখ কৃষকৰ পঞ্জীয়ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷
পঞ্জীয়নভুক্ত কৃষকৰ পৰা ক্ৰয় কৰা ধান সংগ্ৰহ কৰিবলৈ একোটাকৈ ধান সংগ্ৰহ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷
বৰ্তমানলৈকে ১০৭৪৩ গৰাকী কৃষকে আবেদন দাখিল কৰিছে আৰু তাৰে ভিতৰত ৬০৬৪ গৰাকী কৃষকক প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছে ৷ এতিয়ালৈকে ৯ গৰাকী কৃষকে ৪১৮ কুইন্টল ধান বিক্ৰী কৰিছে ৷
আগন্তুক দিনত সুপৰিকল্পিত তথা সঠিক ৰূপত এই সন্দৰ্ভত বহুল ভাৱে প্ৰচাৰ কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব ৷

Attended a meeting chaired by Hon’ble CM Dr Himanta Biswa Sarma Dangoria, who interacted with DCs, Circle Officers & MLAs of the state through Video Conference.





