আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনন্য অৱদানৰ স্বীকৃতি স্বৰূপে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে ১৯ গৰাকী বৰেণ্য তথা সমাজ জীৱনক সমৃদ্ধ কৰা ব্যক্তিক আজি মহামহিম ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিক ভাৱে ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা ক্ৰমে “অসম বৈভৱ”, “অসম সৌৰভ” আৰু “অসম গৌৰৱ” ৰে অলংকৰণ কৰে।
মানৱ সেৱা, লোক সেৱা, ক্ৰীড়া, স্বাস্থ্য, শিক্ষা, উদ্যােগ, কৃষি আদি ক্ষেত্ৰলৈ স্ব-প্ৰতিভা, নিষ্ঠা-নিপুণ সেৱাৰে চহকী আৰু উত্তৰ প্ৰজন্মৰ বাবে বাট কটা প্ৰতিগৰাকী বৰেণ্যলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ।
অনাগত সময়খিনিতো তেখেত সকলৰ অসামান্য অৱদানে আমাৰ সমাজ জীৱনক জীপাল আৰু চহকী কৰি ৰাখক। সকলোৰে সু-স্বাস্থ্য কামনাৰে সহৃদয় শুভেচ্ছা যাচিলোঁ।