কালি ভাৰতীয় জনতা পাৰ্টিৰ টিহু মণ্ডলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা মণ্ডলৰ প্ৰতিষ্ঠাপক সভাপতি শীতল মণ্ডল দেৱৰ আকস্মিক বিয়োগৰ খবৰটোৱে মোক মৰ্মাহত কৰিলে।

কালি ভাৰতীয় জনতা পাৰ্টিৰ টিহু মণ্ডলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা মণ্ডলৰ প্ৰতিষ্ঠাপক সভাপতি শীতল মণ্ডল দেৱৰ আকস্মিক বিয়োগৰ খবৰটোৱে মোক মৰ্মাহত কৰিলে।

আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত জ্যেষ্ঠ কাৰ্যকৰ্তা গৰাকীক অশ্ৰুসিক্ত নয়নেৰে একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।

উল্লেখ্য যে, বিগত দিনত তেখেত অসুস্থ হৈ থকা সময়তো মই তেখেতৰ স্বাস্থ্যৰ বুজ লৈছিলো। জীৱন্ত কালত দলটোৰ বাবে একাগ্ৰতাৰে নিজ দায়িত্ব পালন কৰা প্ৰয়াত শীতল মণ্ডল দেৱ আমাৰ সকলোৰে বাবে এক আদৰ্শ হৈ ৰ’ব।

আজি তেখেতৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক এষাৰি সান্ত্বনাৰ মাত দিয়াৰ লগতে গভীৰ সমবেদনা জ্ঞাপন কৰোঁ।

।। ঔঁম শান্তি ।।