আজি ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী সমষ্টিৰ সকলো বুথ সভাপতিৰ সৈতে এখনি “বিশেষ সাংগঠনিক সভা” সম্বোধন কৰোঁ ৷

উক্ত সভাত বুথৰ সভাপতি সকলৰ সৈতে দলৰ আভ্যন্তৰীণ বিভিন্ন দিশ আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰোঁ ৷

যিহেতু, বুথৰ কাৰ্যকৰ্তা সকলৰ অপৰিসীম প্ৰচেষ্টাৰ বলতেই দলে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে, সেয়েহে আগন্তুক দিনতো দলৰ স্থিতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত বুথ সমূহ সুপৰিকল্পিত ৰূপত পৰিচালনা কৰিবলৈ আজিৰ সভাত বুথৰ সভাপতি সকলক আহ্বান জনাওঁ ৷

আজিৰ এই বিশেষ সভাখনিত মোৰ সৈতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে ৷





