আজি “গণৰাজ্য দিৱস” উপলক্ষে নলবাৰী সমষ্টিৰ কেইবাগৰাকী শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুৰ বাসগৃহত উপস্থিত হৈ তেখেত সকলৰ অতুলনীয় ত্যাগ আৰু অৱদানক স্মৰণ কৰি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুৰোধ মৰ্মে আজি “গণৰাজ্য দিৱস” উপলক্ষে নলবাৰী সমষ্টিৰ কেইবাগৰাকী শ্ৰদ্ধাৰ মুক্তিযুঁজাৰুৰ বাসগৃহত উপস্থিত হৈ তেখেত সকলৰ অতুলনীয় ত্যাগ আৰু অৱদানক স্মৰণ কৰি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰোঁ ৷

তেখেতসকলৰ অপৰিসীম প্ৰচেষ্টাৰ বলতেই দেশে বৃট্ৰিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ আজি “গণৰাজ্য দিৱস” ৰ শুভমুহূৰ্তত নলবাৰী সমষ্টিৰ জীৱিত মুক্তিযোদ্ধা সকলক সন্মান সহকাৰে সম্বৰ্ধনা জনাই আহ্লাদিত হ’লো ৷

আজি সম্বৰ্ধনা জনোৱা সন্মানীয় মুক্তিযোদ্ধা সকল হৈছে –

👉 শ্ৰী বিদ্যা ডেকা, বেলশৰ গাঁও (পূব ডেকা পাৰা চুবা)

👉 শ্ৰী খগেন্দ্ৰ তালুকদাৰ, বেলশৰ গাঁও (ডেকা পাৰা চুবা)

👉 শ্ৰী চানোৰাম বৰ্মন, গন্ধীয়া গাঁও (আলিবাৰী সত্ৰ)

👉 শ্ৰী কনক চন্দ্ৰ বৰ্মন, গন্ধীয়া গাঁও (আলিবাৰী সত্ৰ)

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷