আজি নলবাৰী জিলাত উদযাপন কৰা ৭৩ তম “গণৰাজ্য দিৱস” ত অংশগ্ৰহণ কৰি পেৰেডৰ অভিবাদন গ্ৰহণ কৰোঁ ৷এয়া মোৰ বাবে অতি আনন্দ আৰু গৌৰৱৰ ক্ষণ৷

দেশ স্বাধীন হোৱাৰ গৌৰৱময় ৭৫ বৰ্ষপূৰ্তি উপলক্ষে পালন হৈ থকা “আজাদী কী অমৃত মহোৎসৱ” ৰ এই তাৎপৰ্যপূৰ্ণ সময়ত আজি গণৰাজ্য দিৱস উদযাপনত উপস্থিত থাকি স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ, মুক্তিযুঁজাৰু সকলৰ অনন্য ত্যাগক স্মৰণ কৰাৰ লগতে দেশৰ সংবিধান প্ৰণেতা সকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰোঁ ৷ লগতে, সাংবিধানিক আদৰ্শক সাৰোগত কৰি এখন ঐশ্বৰ্যশালী তথা শক্তিশালী ৰাষ্ট্ৰ গঢ়াৰ দৃঢ়সংকল্প গ্ৰহণ কৰোঁ ৷

আজিৰ এই গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষককে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷





