আজি ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা “বিশেষ সাংগঠনিক সভা” ত অংশগ্ৰহণ কৰোঁ ৷

মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াই সম্বোধন কৰা এই সভাত বৰপেটা জিলাখনত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে দলৰ বিভিন্ন আভ্যন্তৰীণ দিশৰ ওপৰত বিশেষ ভাবে আলোচনা কৰা হয় ৷

যিহেতু, আগন্তুক মাৰ্চ মাহৰ ভিতৰত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ৷ সেই উপলক্ষে দলৰ কাৰ্যকৰ্তা সকলক অধিক উদ্যম আৰু সক্ৰিয়তাৰে দলৰ সেৱা আগবঢ়াই যাবলৈ আজিৰ এই সভাৰ যোগেদি আহ্বান জনোৱা হয় ৷
মোৰ দৃঢ়বিশ্বাস, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ সবল নেতৃত্বত সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাটো পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ব ৷
আজিৰ এই সভাত মোৰ লগতে বৰপেটা জিলা বিজেপিৰ সভাপতি শ্ৰী অনিল দাস, ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী ফনীধৰ তালুকদাৰকে প্ৰমুখ্য কৰি বিষয়ববীয়া সকল উপস্থিত থাকে ৷