কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং ডাঙৰীয়াৰ সভাপতিত্বত ভিডিঅ’ কনফাৰেঞ্চ যোগে এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ।

আজি মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তী ৰাজ মন্ত্ৰী শ্ৰীযুত গিৰিৰাজ সিং ডাঙৰীয়াৰ সভাপতিত্বত ভিডিঅ’ কনফাৰেঞ্চ যোগে এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰোঁ।

উক্ত বৈঠকত মোৰ লগতে চুবুৰীয়া ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, চিকিম আৰু আন্দামান-নিকোবৰ দীপপুঞ্জ, জম্মু-কাশ্মীৰ, লাডাখ তথা পুডুচেৰীৰ বিভাগীয় মন্ত্ৰীসকল উপস্থিত থাকে। এই পৰ্যালোচনা সভাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত “PMGSY, RCPLWEA আৰু PMAY-G” আঁচনিৰ অধীনত নিজ নিজ ৰাজ্যত ৰূপায়ণ হৈ থকা কাম-কাজ সমূহৰ অগ্ৰগতি তথা স্থিতিৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।

মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক অসমত এই আঁচনিৰ অধীনত আগন্তুক দিনত ৰূপায়ণ কৰিবলগীয়া কাৰ্যপন্থা তথা পৰিকল্পনাৰ বিষয়ে অৱগত কৰোঁ।

উল্লেখ্য যে, আজিৰ এই ভাৰ্চুৱেল পৰ্যালোচনা বৈঠকত অসমৰ তৰফৰ পৰা মোৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী উপস্থিত থাকে।