আজি বজালী জিলাত অনুষ্ঠিত হোৱা এখনি “বিশেষ সাংগঠনিক সভা” ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া সৈতে সম্বোধন কৰোঁ।

এই সভাত সভাপতি ডাঙৰীয়াক অপাৰ স্নেহ আৰু উদ্যমেৰে কাৰ্যকৰ্তা সকলে উষ্ম আদৰণি জনোৱাৰ লগতে “বজালীৰ দৈ বজালীৰ মিঠাই” ব্ৰেণ্ডিংৰ বাবে অবিৰত ভাৱে প্ৰচেষ্টা কৰি থকা বজালীৰ অন্যতম পৰিচয় দৈ আৰু মিঠাইৰে তেখেতক অভিবাদন জ্ঞাপন কৰা হয়।

সভাত জিলাখনৰ দলীয় সাংগঠনিক দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে অনাগত সময়ৰ এক পৰিকল্পনা যুগুত কৰা হয়।

আজিৰ সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰী পুলক গোঁহাই, বজালী জিলাৰ প্ৰভাৰী শ্ৰী বিকুল ডেকা,সহঃ প্ৰভাৰী শ্ৰী বেনুধৰ নাথ, বজালী জিলা বিজেপিৰ সভাপতি শ্ৰী নগেন চৌধুৰী, ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী ফনীধৰ তালুকদাৰ আৰু ৰাজ্যিক বিষয়ববীয়া সকল, মণ্ডল সভাপতি সকল, মৰ্চাৰ সভাপতি তথা বিষয়ববীয়া সকল উপস্থিত থাকে ৷





