মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “অসম মাইক্ৰ-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি” ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকোঁ ।

আজি নলবাৰীত অনুষ্ঠিত এখনি সভাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই “অসম মাইক্ৰ-ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি” ৰ অধীনত মহিলা হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰা অনুষ্ঠানত উপস্থিত থাকোঁ ।

গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লক্ষ্যৰে তথা মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত উদ্যমী মহিলা সকলক ৰেহাই আৰু সকাহ দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

আজিৰ এই চেক বিতৰণ অনুষ্ঠানত মোৰ লগতে সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীমতী অজন্তা নেওগ, সাংসদ শ্ৰীমতী কুইন ওজা, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷