আজি নলবাৰী সোনপুৰত ৰাজ্যৰ মাননীয় মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

আজি নলবাৰী সোনপুৰত ৰাজ্যৰ মাননীয় মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে।

ভাৰতীয় জনতা পাৰ্টি, নলবাৰী জিলাৰ প্ৰতিজন কাৰ্যকৰ্তাৰ বাবে আজিৰ দিনটো বিশেষ দিন হিচাবে পৰিগণিত হৈছে। সোনপুৰত স্থাপন হ’বলগীয়া এই স্থায়ী কাৰ্যালয়টিয়ে অনাগত দিনত দলৰ কাৰ্যাৱলী সমূহ সু-পৰিচালনাৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে বিভিন্ন সভা, আলোচনা তথা পৰিকল্পনা প্ৰস্তুতকৰণত এই কাৰ্যালয়টিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া, সতীৰ্থ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীমতী অজন্তা নেওগ, সাংসদ শ্ৰীমতী কুইন ওজা, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব শ্ৰী জয়ন্ত মল্ল বৰুৱা, APCDC ৰ অধ্যক্ষ শ্ৰী অশোক শৰ্মা, GMDA ৰ অধ্যক্ষ শ্ৰী নাৰায়ণ ডেকা , ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ উত্তৰ অসম প্ৰান্তৰ প্ৰান্তীয় কাৰ্যবাহক ডাঃ উমেশ চক্ৰৱৰ্তী, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

(বিঃদ্ৰঃ ৰাতিপুৱাই কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ জীৰ মৃত্যুৰ বাতৰিয়ে শোকাহত কৰিছিল যদিও পূৰ্বে নিৰ্ধাৰিত কৰাৰ বাবে আজি কাৰ্যসূচী সমাপন কৰিবলগীয়া হ’ল)