আজি পাটাছাৰকুছি সমষ্টিত জল জীৱন মিছনৰ অধীনত দুখনকৈ পানীযোগান আঁচনিৰ শুভ উদ্বোধন কৰোঁ ৷
আঁচনি দুখন হৈছে –
Retrofitting of Dubi, PWSS
Greater Bongaon PWSS
উল্লেখ্য যে, ডুবি পানী যোগান আঁচনিখনৰ জৰিয়তে ৫৫০ টা পৰিয়াল আৰু বনগাঁও পানী যোগান আঁচনিখনৰ জৰিয়তে ৩৯৮ টা পৰিয়ালে পৰিশোধিত খোৱা পানীৰ টেপ সংযোগ লাভ কৰিব। এক বৃহৎ সংখ্যক জনসাধাৰণক উন্নত জীৱন যাপন প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়া সকলে নিৰন্তৰভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
মই আশা কৰিছোঁ, অনাগত দিনলৈও ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ জনসাধাৰণক এই পানী যোগান আঁচনি সমূহে পৰিশোধিত পানী প্ৰদান কৰি এক সুৰক্ষিত জীৱন যাপন কৰাত সহায় কৰিব।
