ঢিহু অঞ্চলৰ দুই মেধাৱী ছাত্ৰই আদৰ্শৰ চানেকি গঢ়ি টিহু মাখিবাহাৰ দেৱাশীষ শৰ্মা আৰু গৌৰৱ বেজবৰুৱাই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত নথৈ আনন্দিত হৈছোঁ।

শাৰীৰিক প্ৰত্যাহ্বান আৰু আৰ্থিক দীনতা কেতিয়াও যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাক পুনৰবাৰ প্ৰমাণ কৰিলে ঢিহু অঞ্চলৰ দুই মেধাৱী ছাত্ৰই আদৰ্শৰ চানেকি গঢ়ি টিহু মাখিবাহাৰ দেৱাশীষ শৰ্মা আৰু গৌৰৱ বেজবৰুৱাই চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাত নথৈ আনন্দিত হৈছোঁ।

ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ত নতুন শিক্ষা জীৱন আৰম্ভ কৰিবলগীয়া দুয়ো মেধাৱী ছাত্ৰৰ ঘৰত আজি উপস্থিত হৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিলোঁ।

দুয়োৰে অনাগত জীৱন সফলতাৰে ভৰি পৰক, একোজন সু-চিকিৎসক হৈ দুয়ো সকলোৰে আদৰ্শক হওঁক। শাৰীৰিক প্ৰত্যাহ্বান আৰু আৰ্থিক দীনতাক নেওচি লাভ কৰা দেৱাশীষ আৰু গৌৰৱৰ সফলতা আন ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠক।