শিক্ষা, জ্ঞান সমাজ জীৱনৰ অতুলনীয় শক্তি আৰু এই শক্তিৰ অন্যতম আৰু অনন্য প্ৰাণকেন্দ্ৰ হৈছে পুথিভঁৰাল

আজি টিহু মহাবিদ্যালয়ৰ নৱ-নিৰ্মিত কেন্দ্ৰীয় পুথিভঁৰাল ভৱনটি শুভ উদ্বোধন কৰি নথৈ সুখী অনুভৱ কৰিছোঁ।

মহাবিদ্যালয় খনৰ সাধাৰণ পুঁজিৰ মুঠ ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই কেন্দ্ৰীয় পুথিভঁৰালটিয়ে মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ সমাজৰ মাজত গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত এক সবল ভূমিকা গ্ৰহণ কৰিব বুলি মই আন্তৰিকতাৰে আশা কৰিছোঁ আৰু বিশেষ ভাৱে ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যায়তনিক দিশত প্ৰয়োজনীয় সমল সমূহ প্ৰদানৰ ক্ষেত্ৰত পুথিভঁৰালটিয়ে অনন্য ভূমিকা ল’ব বুলি মই দৃঢ় বিশ্বাসী।






