আজি টিহু পৌৰসভাৰ অধীনত টিহু পৌৰসভাৰ এলেকাত কেইবাটাও আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰোঁ ৷

আজি টিহু পৌৰসভাৰ অধীনত টিহু পৌৰসভাৰ এলেকাত কেইবাটাও আঁচনিৰ আনুষ্ঠানিক শুভাৰম্ভ কৰোঁ ৷

উল্লেখ্য যে, এই আঁচনি সমূহৰ কাম অসম চৰকাৰৰ তৰফৰ পৰা আবন্টন পোৱা পঞ্চদশ আয়োগৰ ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ ১ম কিস্তি আৰু ২য় কিস্তিৰ ধনৰাশিৰে কৰা হ’ব ৷

আজি শুভাৰম্ভ কৰা কামসমূহ এনেধৰণৰঃ-

✅ দলৈগাঁৱত জাৱৰ নিষ্কাষণ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি উন্নয়ন

✅ টিহু পৌৰসভাৰ অধীনৰ বিভিন্ন অঞ্চলত পৰিশোধিত খোৱা পানীৰ সু-ব্যৱস্থা

✅ টিহু উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ উন্নীতকৰণ

✅ টিহু খলিহাগুৰি হৈ মানিক দাসৰ ঘৰ সংযোগী পথাৰ মেৰামতি তথা পুনঃনিৰ্মাণ

✅ দৈনিক বজাৰৰ নলাৰ মেৰামতি তথা পুনঃনিৰ্মাণ

✅ টিহু মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সন্মুখৰ পদপথ নিৰ্মাণ

✅ পৌৰসভাৰ কাৰ্যালয়ৰ মেৰামতি তথা পুনঃনিৰ্মাণ

✅ টিহু পৌৰসভাৰ বাবে ২০ লিটাৰ পৰিমাণৰ ডাষ্টবিনৰ যোগান

✅ টিহু পৌৰসভাৰ বাবে সৌৰশক্তি সম্পন্ন ষ্ট্ৰিট লাইটৰ ব্যৱস্থা ৷

এই আঁচনি সমূহৰ ৰূপায়ণে টিহু অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস ৷