মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ আঁচনি বাস্তৱত ৰূপায়ণ

বৰপেটাত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাৰ জৰিয়তে “মাইক্ৰ’-ফাইনেন্সৰ ঋণ ৰেহাই আৰু উদগণিমূলক সাহায্য” ৰ অধীনত আজি মুঠ ৬০০০ খন চেক বিতৰণ কৰোঁ ৷

নিৰ্বাচনৰ পূৰ্বে জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে বদ্ধপৰিকৰ ৰাজ্য চৰকাৰে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা মহিলা সকলক সকাহ দিবলৈ এই আঁচনি ৰূপায়ণ কৰিছে ৷
বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে প্ৰায় ৪৪ হাজাৰতকৈ অধিক হিতাধিকাৰীক চেক প্ৰদান কৰি মই নথৈ আনন্দিত হৈছোঁ আৰু এই পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷