আজি ভাৰতীয় জনতা পাৰ্টিৰ চকচকা ব্লক মণ্ডলৰ নতুনকৈ নিৰ্মাণ হ’বলগীয়া কাৰ্যালয়টিৰ কামৰ শুভাৰম্ভ কৰি আনন্দিত হৈছোঁ।

ৰাইজক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হৈ থকা কাৰ্যকৰ্তা সকলক তেওঁলোকৰ কাম-কাজসমূহ সমাপন কৰিবলৈ এডোখৰ নিৰ্দ্দিষ্ট ঠাইৰ প্ৰয়োজনীয়তা অধিক। ৰাইজ আৰু দলৰ সৈতে প্ৰতিটো সময়ত থিয় হোৱা দলৰ কাৰ্যকৰ্তাসকলক এই নিৰ্মীয়মান কাৰ্যালয়টিয়ে সহায় কৰিব বুলি মই আশাবাদী।

আগন্তুক দিনত বিভিন্ন কাৰ্যপন্থা হাতত লোৱাৰ পৰা আৰম্ভ কৰি সেইসমূহৰ যথোপযুক্ত পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যালয়টিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব।

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে চকচকা ব্লক মণ্ডলৰ সভাপতি শ্ৰী সম্পদ দাসৰ লগতে দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷