মোৰ পৰিকল্পনা সাকাৰ হোৱাৰ পথত আৰু এটি সক্ষম খোজ

বজালী জিলাৰ উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱ চৌধুৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, বৰপেটা জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মনোজ কুমাৰ চিকাৰিয়া, বজালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী চন্দন বেজবৰুৱাৰ সক্ৰিয় উদ্যোগত আৰু ৰাইজৰ সহযোগত সপোনৰ প্ৰকল্প “চিকৰৈতা-সাৰাংপুৰীয়া কৃষি প্ৰকল্প”ৰ আজি শুভ উদ্বোধন কৰি নথৈ আনন্দিত হৈছোঁ।

বছৰ বছৰ ধৰি পিটনিৰ ৰূপত অৱহেলিত অৱস্থাত থকা বামুনকুছি আৰু পাটাছাৰকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪০০০ বিঘাতকৈ অধিক মাটিৰে আবৃত চিকৰৈতা-সাৰাংপুৰীয়া বিলৰ সমীপৱৰ্তী কৃষি ভূমিক উৰ্বৰা ভূমিলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসৰ আজি প্ৰথমখন দুৱাৰ মুকলি কৰি সঁচাকৈয়ে অতি আনন্দ লাভ কৰিছোঁ।

উল্লেখ্যে যে, ইতিপূৰ্বে এই প্ৰকল্পৰ বাবে অনুষ্ঠিত হোৱা ৰাইজ মেলৰ সিদ্ধান্ত মৰ্মে সন্মানীয় ব্যক্তি আৰু বিভাগীয় বিষয়াৰে গঠিত সমিতিৰ পুংখানুপুংখ পৰিদৰ্শন, পৰ্যালোচনা, সম্ভাব্য জৰীপ, ক্ষেত্ৰ অধ্যয়ন আৰু পৰৱৰ্তী সময়ত সমিতিৰ পৰামৰ্শক সাৰোগত কৰি এই প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে।

MGNREGA ৰ অধীনত পাটাছাৰকুছি পঞ্চায়তৰ অন্তৰ্গত ১০টা আঁচনিৰ প্ৰাককলনৰ পুঁজি সৰ্বমুঠ ১,০৪,০০০০০ টকা আৰু বামুনকুছি গাঁও পঞ্চায়তৰ ২৫ টা আঁচনিৰ প্ৰাককলন পুঁজি ৫,৪৭,০০০০০ টকা ধাৰ্য্য কৰাৰ বিপৰীতে ইয়াৰ জৰিয়তে ১২৪২৬৩ টা কৰ্মদিন সৃষ্টি হৈছে।

এই প্ৰকল্পই বামুনকুছি আৰু পাটাছাৰকুছি বাসীৰ জীৱনত নতুন দিগন্তৰ সূচনা কৰিব বুলি মই দৃঢ় বিশ্বাসী। মই আন্তৰিকতাৰে বিশ্বাস ৰাখিছোঁ, এই প্ৰকল্পই কৃষি তথা গ্ৰাম্য অৰ্থনীতিৰ বাবে এক নতুন সৌধ নিৰ্মাণ কৰিব আৰু আত্মনিৰ্ভৰ অসমৰ ই এক অন্যতম নিদৰ্শন হৈ উঠিব।