আজি বজালী জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নৱ-নিৰ্মিত কাৰ্যালয়টি শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আজি বজালী জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নৱ-নিৰ্মিত কাৰ্যালয়টি শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

এই নৱনিৰ্মিত কাৰ্যালয়টোৰ দ্বাৰা আগন্তুক দিনত জল জীৱন মিছনৰ পানী যোগান আঁচনিৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হ’ব।

লগতে, বজালী জিলাৰ ৰাইজে পানী যোগান আঁচনিৰ সন্দৰ্ভত যিকোনো অসুবিধা বা অভাৱ-অভিযোগ থাকিলে কাৰ্যালয়টোত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। যাৰ ফলত, “জল জীৱন মিছন” আঁচনিৰ সফল ৰূপায়ণ সম্ভৱপৰ হৈ উঠিব বুলি মোৰ দৃঢ়বিশ্বাস।

আজিৰ এই শুভাৰম্ভ অনুষ্ঠানত মোৰ সৈতে ভবানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰী ফনীধৰ তালুকদাৰ, বজালী জিলাৰ উপায়ুক্ত শ্ৰী ভাৰত ভূষণ দেৱ চৌধুৰী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷