একাত্ম মানৱ দৰ্শনৰ প্ৰণেতা, প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা, দেশভক্ত পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আজি পুণ্য তিথিত তেখেতলৈ যাচিছোঁ শতকোটি প্ৰণাম ৷
তেখেতে অন্ত্যোদয়া নীতিৰে সমাজৰ পিছপৰা, আৰ্ত, নিপীড়িত জনক বিকাশৰ জৰিয়তে আগুৱাই নিয়াৰ বাবে অক্লান্ত সেৱা আগবঢ়াইছিল ৷
সেয়েহে, তেখেত আমাৰ আদৰ্শ, পথ-প্ৰদৰ্শক আৰু অনুপ্ৰেৰণাৰ উৎস ৷ তেখেত আমাৰ বাবে প্ৰাতঃস্মৰণীয় ব্যক্তি ৷
তেখেতৰ পুণ্য তিথি উপলক্ষে পালন কৰা এই “সমৰ্পণ দিৱস” ৰ শুভক্ষণত আহক আমি সকলোৱে পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অন্ত্যোদয়া নীতিৰে দেশৰ আৰু সমাজৰ হিতৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱাৰ সংকল্প লওঁ ৷