আজি “সমৰ্পণ দিৱস” উপলক্ষে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত পণ্ডিতপ্ৰবৰ দীনদয়াল উপাধ্যায় দেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

লগতে, মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াৰ সভাপতিত্বত যুগদ্ৰষ্টা গৰাকীক স্মৰণৰ হেতু আয়োজন কৰা সভা সম্বোধন কৰি তেখেতৰ জীৱন দৰ্শন, কৰ্মৰাজী আৰু ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান তথা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰোঁ ৷
মই আশা ৰাখিছোঁ, আজিৰ নৱ-প্ৰজন্মই তেখেতৰ জীৱন দৰ্শন আৰু কৰ্মৰাজীৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ হকে সংকল্পবদ্ধ হ’ব ৷

আজিৰ এই সভাত ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে






