আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালা পৌৰসভা, পাটাছাৰকুছি পৌৰসভা আৰু টিহু পৌৰসভাৰ বিভিন্ন স্থানত কেইবাখনো গুৰুত্বপূৰ্ণ সভা সম্বোধন কৰোঁ।

সভাত আগন্তুক পৌৰসভা নিৰ্বাচনত তিনিওটা পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহত বিজেপিৰ বিজয় ধ্বজা উৰুৱাবৰ বাবে সুক্ষ্মাতিসুক্ষ্ম ব্যৱস্থাপনা গঢ়ি তুলিবৰ বাবে কাৰ্যকৰ্তা সকলৰ সৈতে বিস্তৃত আলোচনা কৰোঁ ।

কাৰ্যকৰ্তা সকলক প্ৰতিজন সন্মানীয় ভোটাৰৰ কাষত উপস্থিত হৈ দলৰ প্ৰতি আশিস, শুভেচ্ছা, সহযোগ বুটিবলৈ আহ্বান জনাইছোঁ। “মাইক্ৰ’ মেনেজমেণ্ট” ক এক শক্তিশালী আধাৰ হিচাপে লৈ এই নিৰ্বাচনত আগবাঢ়িবলৈ সকলোৰে পৰামৰ্শ, মতামত এই সভাকেইখনত গ্ৰহণ কৰা হয় আৰু এক পৰিকল্পনা যুগুত কৰা হয় ৷ লগতে, তিনিওটা পৌৰসভাৰ কাৰ্যকৰ্তাকে উদ্যমেৰে আগন্তুক পৌৰসভাৰ নিৰ্বাচনৰ প্ৰতি স্ব-দায়িত্ব পালন কৰিবলৈ আহ্বান জনাওঁ ।

আজিৰ এই সভাত বিজেপি, বজালী জিলাৰ সভাপতি শ্ৰী নগেন চৌধুৰী, জিলা প্ৰভাৰী শ্ৰী বেনুধৰ নাথকে আদি কৰি মণ্ডল সভাপতিসকল, বুথ পৰ্যায়ৰ কাৰ্যকৰ্তা সকল আৰু ৱাৰ্ড সমূহৰ সভাপতি তথা সম্পাদকসকল উপস্থিত থাকে ৷





