আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ. চেন্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ “পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা” ত অংশগ্ৰহণ কৰোঁ ৷

আজি গুৱাহাটীৰ মাছখোৱাস্থিত আই.টি.এ. চেন্টাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ “পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতি সভা” ত অংশগ্ৰহণ কৰোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা আজিৰ এই সভাত সমাগত পৌৰসভা নিৰ্বাচনৰ বাবে সৰ্বতোপ্ৰকাৰৰ প্ৰস্তুতি সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ৷

“সেৱাৰ মনোভাৱ” ক সাৰোগত কৰি জনতা জনাৰ্দনৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা মৰম, আস্থা আৰু বিশ্বাসক আশীৰ্বাদ হিচাবে লৈ আমি এই নিৰ্বাচনত অৱৰ্তীণ হ’ম ৷ মোৰ দৃঢ়বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুমূলীয়া পৰামৰ্শ, মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু দলৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তা সকলৰ সক্ৰিয় সহযোগিতাৰ বলত আমি পৌৰসভা নিৰ্বাচনত বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ’ম ৷

আজিৰ এই সভাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ শ্ৰী দিলীপ শইকীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সতীৰ্থ মন্ত্ৰী শ্ৰী অশোক সিংঘলকে প্ৰমুখ্য কৰি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে ৷