আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যােগত পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজি (Tied Fund) ৰ ব্যৱহাৰ সন্দৰ্ভত আয়োজিত এক সন্মিলনত অংশ লওঁ।

আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যৌথ উদ্যােগত পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজি (Tied Fund) ৰ ব্যৱহাৰ সন্দৰ্ভত আয়োজিত এক সন্মিলনত অংশ লওঁ।

মূলতঃ এই সন্মিলনত দুয়োটা বিভাগৰে পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজিৰ অধীনত সমাপন হ’ব লগা আঁচনি সমূহৰ প্ৰক্ৰিয়া, ৰূপান্তৰ আদি বিষয়ত বিস্তৃত ভাৱে আলোচনা কৰা হয়। সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভাগীয় বিষয়াবৰ্গলৈ বহুকেইটা বহুমূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ লগতে তেখেতৰ শুভাশীষ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শই বিভাগ দুটিক যথেষ্ট উপকৃত কৰিব বুলি মই দৃঢ়বিশ্বাসী।

উল্লেখ্য যে, পঞ্চদশ বিত্ত আয়োগৰ অনুদানৰ নিৰ্ধাৰিত পুঁজি সমূহৰ উচিত ব্যৱহাৰেৰে ৰাজ্যখনৰ গণজীৱনৰ উন্নয়ন-স্বাস্থ্য-প্ৰগতিৰ পৰিকাঠামোক সবল কৰিবলৈ বিভাগীয় বিষয়াসকলক মই এই সন্মিলনৰ জৰিয়তে আন্তৰিক আহ্বান জনাওঁ।

আজিৰ এই সন্মিলনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ডঃ জে.বি এক্কা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী, “জল জীৱন মিছন” ৰ মিছন সঞ্চালক শ্ৰী আকাশদ্বীপৰ সৈতে দুয়োটা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।

Today I, along with Hon’ble Chief Minister Dr. Himanta Biswa Sarma, attended the Conclave on Utilization of Tied Fund under the 15th Finance Commission Grant organised by Panchayat and Rural Development and Public Health Engineering Departments held at Srimanta Sankardeva International Auditorium, Panjabari, Guwahati.

The Tied Funds will supplement the development of water & sanitation in rural areas.

The Conclave was attended by Principal Secretary, P&RD, Dr. J. B. Ekka, Commissioner of P&RD Shri Bikram Kairi, Commissioner and Chairman of PHED and Mission Director of Jal Jeevan Mission Assam, Shri Akashdeep amongst others.