আজি পাটাছাৰকুছি বিধান সভা সমষ্টিৰ অন্তৰ্গত পাটাছাৰকুছি পৌৰসভা, টিহু পৌৰসভা আৰু পাঠশালা পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰা সময়ত উপস্থিত থাকোঁ ৷

লগতে, মিত্ৰদল অসম গণ পৰিষদৰ কাৰ্যালয়তো উপস্থিত থাকোঁ ৷ এই শুভক্ষণত প্ৰতিগৰাকী প্ৰাৰ্থীক আগন্তুক নিৰ্বাচনৰ বাবে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ ৷

পৌৰসভাৰ অধীনৰ অঞ্চল সমূহৰ সৰ্বাঙ্গীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত এইবাৰ পৌৰসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটেৰে বিজয়ী হোৱাটো নিশ্চিত ৷

এই কাৰ্যসূচীত মোৰ সৈতে ভাৰতীয় জনতা পাৰ্টি বজালী জিলাৰ প্ৰভাৰী শ্ৰী বিকুল ডেকা, জিলা সভাপতি শ্ৰী নগেন চৌধুৰী, অসম গণ পৰিষদৰ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি শ্ৰী জিন্টু চৌধুৰী উপস্থিত থাকে ৷





