বীৰ চিলাৰায় দিৱসৰ শুভক্ষণত বীৰ চিলাৰায়ৰ ১০ ফুট ওখ প্ৰতিমূৰ্তিৰ অনাবৰণ

পোনপ্ৰথমে, জাতীয় মহাবীৰ কোচ সাম্ৰাজ্যৰ সুদক্ষ সেনাপতি বীৰ চিলাৰায়ক জন্মজয়ন্তীত গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। আজি ২০১৬-২০২১ বৰ্ষৰ অসম চৰকাৰৰ আনটাইড ফাণ্ড আৰু বিধায়কৰ উন্নয়ন পুঁজিৰ উদ্যোগত আৰু বৰপেটা জিলাৰ কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত নিৰ্মিত মহাবীৰ চিলাৰায়ৰ পূৰ্ণাংগ ব্ৰঞ্জৰ মূৰ্তিটোৰ শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷

সৰভোগ সমষ্টিৰ বিধায়ক হিচাবে ২০১১ চনতেই মই দেখা স্বপ্নৰ আজি সাকাৰ তথা বাস্তৱ ৰূপটোক দেখিবলৈ পাই মই যথেষ্ট উৎসাহিত হৈছোঁ।

আপোনালোকক পূৰ্বতেও মই জনাইছিলোঁ যে, সৰভোগৰ ৰাইজে মোক প্ৰথমবাৰৰ বাবে বিধায়ক হিচাবে নিৰ্বাচন কৰাৰ পিছতেই মই ইয়াত বীৰ চিলাৰায়ৰ পূৰ্ণাংগ মূৰ্তি এটা স্থাপনৰ সপোন দেখিছিলোঁ। মিৰ্জাৰ ভাস্কৰ্য শিল্পী শ্ৰী বিজু দাসে নিৰ্মাণ কৰি উলিওৱা এই মূৰ্তিটো ৩,৫০০ কিলোগ্ৰাম ওজনৰ ব্ৰঞ্জৰে নিৰ্মিত আৰু ১০ ফুট উচ্চ। আনহাতে, এই প্ৰতিমূৰ্তিটো ১৪ ফুট ওখ বেদীত স্থাপন কৰা হৈছে। সৰভোগবাসী ৰাইজক দিয়া মোৰ শেষৰটো প্ৰতিশ্ৰুতিক আজি সফলকাম কৰি মই সুখী হৈছোঁ।

উল্লেখ্য যে, বীৰ চিলাৰায়ৰ সহায়তেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মহাপুৰুষ দুজনা শংকৰদেৱ – মাধৱদেৱৰ উপৰিও পুৰুষোত্তম বিদ্যাবাগীশ ৰাম সৰস্বতী, অনিৰুদ্ধ , শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই তুলিছিল।

ইয়াত চিলাৰায়ৰ কৃতিত্ব বিশেষস্বৰূপ আছিল। গতিকে, অনাগত দিনত এই মূৰ্তিটোৱে নৱপ্ৰজন্মৰ হৃদয়ত উৎসুকতাৰ উন্মেষণ ঘটাব বুলি মোৰ দৃঢ়বিশ্বাস।