টেলিভিছন সাংবাদিকতাৰ এগৰাকী অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈ দেৱৰ পৰলোকপ্ৰাপ্তিৰ বাতৰি পাই মৰ্মাহত হৈছোঁ

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়ুৱৈ, টেলিভিছন সাংবাদিকতাৰ এগৰাকী অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈ দেৱৰ পৰলোকপ্ৰাপ্তিৰ বাতৰি পাই মৰ্মাহত হৈছোঁ ৷ তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷

May be an image of ‎1 person and ‎text that says "‎শ্রদ্ধাঞ্জলি তاک‎"‎‎

অনন্য তথা শক্তিশালী কণ্ঠৰ অধিকাৰী বৰদলৈদেৱ আকাশবাণী আৰু দূৰদৰ্শনৰ শ্ৰোতা দৰ্শকৰ বাবে এটি অতি চিনাকী নাম আছিল ৷ উল্লেখ্য যে, বৰদলৈদেৱে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

প্ৰয়াত বৰদলৈদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

৷৷ ঔঁম শান্তি ৷৷