অসমৰ এগৰাকী অতিকৈ জনপ্ৰিয় বাতৰি পৰিৱেশক, প্ৰবীণ সাংবাদিক-সম্পাদক, ভাৰতীয় তথ্য সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰয়াত প্ৰতাপ বৰদলৈ দেৱক আজি নৱগ্ৰহ শ্মশানত নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

মই যেতিয়া ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাবে কৰ্মৰত আছিলো তেতিয়া তেখেতো ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাবে কৰ্মৰত আছিল ৷ সেইসূত্ৰে কেইবাবাৰো তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ ৷ উল্লেখ্য যে, অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শনৰ প্ৰথম বাতৰি পৰিৱেশক হিচাবে বৰদলৈ দেৱ শ্ৰোতা দৰ্শকৰ মাজত অতিকৈ জনপ্ৰিয় আছিল ৷

তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধ সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷

৷৷ ঔঁম শান্তি ৷৷