আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি সৰভোগ সমষ্টিৰ চকচকা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ সৈতে এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ।

আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে আজি সৰভোগ সমষ্টিৰ চকচকা মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ সৈতে এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ।

অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত কাৰ্যকৰ্তা সকলৰ কৰ্মনিষ্ঠাই আমাক নিৰংকুশ বিজয় সাব্যস্ত কৰাত সহায় কৰিব।

লগতে, এইবাৰৰ পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা ১০ গৰাকী প্ৰাৰ্থীয়েই বিজয়ী হৈ নিজ নিজ ৱাৰ্ডৰ উন্নয়নৰ হেতু সদা প্ৰস্তুত থাকিব বুলি মোৰ দৃঢ়বিশ্বাস।

মই আশা কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টিয়ে নিৰন্তৰভাৱে কৰি অহা উন্নয়নমূলক কাম-কাজ সমূহক হৃদয়ংগম কৰি উক্ত দহোগৰাকী প্ৰাৰ্থীয়ে নিজ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰিব।