সমাগত পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাঠশালা পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত এখনি সভা সম্বোধন কৰোঁ ৷

সমাগত পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাঠশালা পৌৰসভাৰ বিজেপি আৰু অসম গণ পৰিষদৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত এখনি সভা সম্বোধন কৰোঁ ৷

লগতে, পাঠশালা পৌৰসভাৰ নিৰ্বাচনত ৪নং ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্ৰীমতী মায়াৰাণী চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাওঁ ৷

পাঠশালা পৌৰসভাৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত মায়াৰাণী চৌধুৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক সভাৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাওঁ ৷

আজিৰ এই সভাত মোৰ লগতে বজালী জিলা বিজেপিৰ সভাপতি শ্ৰী নগেন চৌধুৰী আৰু অগপ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি শ্ৰী জিন্টু চৌধুৰীকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷