আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াক অসমৰ ঐতিহ্যমণ্ডিত “বৃন্দাৱনী বস্ত্ৰ” ৰ এখনি আলোকচিত্ৰ প্ৰদান কৰে ৷

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশৰ মহামহিম ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াক অসমৰ ঐতিহ্যমণ্ডিত “বৃন্দাৱনী বস্ত্ৰ” ৰ এখনি আলোকচিত্ৰ প্ৰদান কৰে ৷

ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে, ‘বৃন্দাৱনী বস্ত্ৰ’ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তত্ত্বাৱধানত অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখনি বস্ত্ৰ। এই বস্ত্ৰখনিত প্ৰভু শ্ৰীকৃষ্ণই বাল্যকালত বৃন্দাবনত কৰা লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।

উল্লেখ্য যে, প্ৰকৃত বৃন্দাৱনী বস্ত্ৰখনৰ কিছু অংশ এতিয়া লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আৰু কিছু অংশ পেৰিছৰ গুইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

এই বৃন্দাৱনী বস্ত্ৰখনি অসমলৈ ঘূৰাই অনাৰ বাবে যোৱা কিছুবছৰ ধৰি মই যৎপৰোনাস্তি প্ৰচেষ্টা চলাই আহিছোঁ ৷ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক এই ‘বৃন্দাবনী বস্ত্ৰ’ খনিৰ আলোকচিত্ৰ প্ৰদান কৰাত মই নথৈ আনন্দিত হৈছোঁ ৷ কিয়নো, আগন্তুক দিনত এই ‘বৃন্দাৱনী বস্ত্ৰ’ ৰ বিষয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বহুল ভাৱে প্ৰচাৰিত হ’ব আৰু প্ৰকৃত ‘বৃন্দাৱনী বস্ত্ৰ’ খন বিদেশৰ পৰা অসমলৈ ঘূৰাই অনাৰ পথ প্ৰশস্ত হ’ব বুলি মই আশাবাদী ৷