ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উষ্ম আদৰণি জনাওঁ ৷

দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াক আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উষ্ম আদৰণি জনাওঁ ৷

অসমত তেখেতৰ কাৰ্যসূচী সমূহ এনেধৰণৰঃ-

২৫ ফেব্ৰুৱাৰী, ২০২২

✅ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মবৰ্ষ উদযাপনৰ শুভাৰম্ভ অনুষ্ঠান

স্থানঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী

✅ আলাবৈ ৰণৰ যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন

স্থানঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী/দদৰা, কামৰূপ

✅ লাচিত বৰফুকনৰ মৈদামৰ সৌন্দৰ্যবৰ্ধক তথা মেৰামতিৰ আধাৰশিলা স্থাপন

স্থানঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী/টীয়ক, যোৰহাট

২৬ ফেব্ৰুৱাৰী, ২০২২

✅ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ

স্থানঃ তেজপুৰ, শোণিতপুৰ

✅ অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদক্ষেপসমূহৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা

স্থানঃ কাজিৰঙা

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ৰ আগমনত ৰাজ্যবাসীৰ লগতে আমিও আহ্লাদিত হৈছোঁ ৷