বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰতিগৰাকী প্ৰাৰ্থী চহৰ সমূহৰ সামগ্ৰিক বিকাশৰ বাবে বদ্ধপৰিকৰ

বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰতিগৰাকী প্ৰাৰ্থী চহৰ সমূহৰ সামগ্ৰিক বিকাশৰ বাবে বদ্ধপৰিকৰ

অনাগত ৬ মাৰ্চ, ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাঠশালা পৌৰসভাৰ বিজেপি মিত্ৰজোঁটৰ দ্বাৰা মনোনীত প্ৰাৰ্থী ক্ৰমে ৱাৰ্ড নং ৪ ৰ শ্ৰীমতী মায়াৰাণী চৌধুৰী, ৱাৰ্ড নং ৫ ৰ শ্ৰী দিগন্ত তালুকদাৰ আৰু ৱাৰ্ড নং ৬ ৰ ড° ভূপেন তালুকদাৰৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাওঁ।

আগন্তুক পৌৰসভাত বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে প্ৰগতি আৰু সমৃদ্ধিৰ পথত সবল খোজ দি নতুন দিগন্তৰ সূচনা কৰিবলৈ বদ্ধপৰিকৰ। লগতে, উক্ত পৌৰসভা এলেকা সমূহৰ আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, ঐতিহ্য ইত্যাদি বৰ্তাই ৰখাৰ ক্ষেত্ৰত মায়াৰাণী চৌধুৰী, দিগন্ত তালুকদাৰ আৰু ভূপেন তালুকদাৰে নিজ নিজ দায়িত্ব সমূহ গুৰুত্ব সহকাৰে পালন কৰিব বুলি মই আশাবাদী।

আজিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত উপস্থিত ৰাইজৰ সমাগম তথা উৎসাহ-উদ্দীপনাই আমাৰ দলৰ সুনিশ্চিত বিজয়ৰ উমান দিছে।