আজি বৰপেটা জিলা প্ৰাক্তন সৈনিক সমাৰোহ ও ৪২ তম বৰনগৰ প্ৰাক্তন সৈনিক সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷

আজি বৰপেটা জিলা প্ৰাক্তন সৈনিক সমাৰোহ ও ৪২ তম বৰনগৰ প্ৰাক্তন সৈনিক সন্থাৰ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি আনন্দিত হৈছোঁ ৷

দেশৰ অখণ্ডতা আৰু সুৰক্ষাৰ হকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি দেশৰ বাবে একনিষ্ঠ সেৱা আগবঢ়োৱা আমাৰ বীৰ সেনা জোৱান সকলৰ ওচৰত আমি সদায়েই চিৰকৃতজ্ঞ ৷

আজিৰ এই অধিৱেশন খনি সম্বোধন কৰি অৱসৰপ্ৰাপ্ত বীৰ জোৱানসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ বিভিন্ন অভাৱ-অভিযোগ তথা অসুবিধাসমূহ অতি ক্ষিপ্ৰতাৰে দূৰ কৰাৰ আশ্বাস প্ৰদান কৰোঁ ৷ লগতে, তেখেতসকলে যাতে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ আঁচনিসমূহ লাভ কৰি উপকৃত হ’ব পাৰে তাৰবাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিওঁ ৷