আজি বজালী জিলাত দলৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” শুনো।

আজি বজালী জিলাত দলৰ কাৰ্যকৰ্তা সকলৰ উপস্থিতিত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” শুনো।

আজিৰ এই “মন কী বাত” অনুষ্ঠানত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশৰ সভ্যতা-সংস্কৃতিৰ বাৰ্তা দিয়াৰ লগতে বিগত সময়ত চুৰি হোৱা মুঠ ২০০ টা বহুমূলীয়া ঐতিহাসিক প্ৰতিমূৰ্তিক আকৌ আমাৰ দেশলৈ ঘূৰাই অনা তথা মাতৃভাষাৰ অধিক প্ৰয়োগৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কথা প্ৰকাশ কৰে। আজিৰ এই ৰেডিঅ’ অনুষ্ঠানত তেখেতে ৰাজ্যৰ কোকৰাঝাৰ জিলাত প্ৰাতঃভ্ৰমণৰ বাবে যোৱা একাংশ লোকে এখন তিনি কিলোমিটাৰ দীঘল উৰণীয়া সেঁতু নিজাববীয়াকৈ পৰিষ্কাৰ কৰি স্বচ্ছতাৰ অন্যতম নিৰ্দশন দাঙি ধৰাৰ বিষয়টোক ব্যক্ত কৰে। তেখেতৰ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ সচেতন লোকসকলৰ সু-কৰ্মসংস্কৃতিয়ে স্থান পোৱাত আমি গৌৰৱান্বিত হৈছোঁ।

দেশৰ সৰ্বাংগীন উন্নয়ন তথা ৰাষ্ট্ৰ নিৰ্মাণৰ হকে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া প্ৰতিটো মন্তব্যই আমাক অনাগত দিনলৈ উদ্বুদ্ধ কৰি ৰাখিব।