আগন্তুক পৌৰসভা নিৰ্বাচনৰ হেতু আজি পাটাছাৰকুছি পৌৰসভাৰ ১ নং ৱাৰ্ডত বিজেপি আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী ফুলেন দাসৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাওঁ।

বিৰামহীন প্ৰগতি আৰু উন্নয়নৰ লগতে চহৰাঞ্চলৰ দ্ৰুত বিকাশৰ বাবে সুশাসন তথা সু-কৰ্মসংস্কৃতিক মূলমন্ত্ৰ হিচাবে লৈ বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজ দায়িত্বসমূহ ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ হৈছে।

এখন প্ৰগতিশীল ৰাজ্য হিচাবে অসমক গঢ়ি তোলাৰ স্বাৰ্থত আগন্তুক পৌৰসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা শ্ৰী ফুলেন দাসক বিপুল ভোটত জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনাওঁ।






