আজি মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰীযুত গজেন্দ্ৰ সিং শ্বেখাৱত ডাঙৰীয়াৰ সভাপতিত্বত গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যিক মন্ত্ৰী সকলৰ এখনি কনফাৰেন্সত অংশগ্ৰহণ কৰোঁ ৷

“জল জীৱন মিছন” আৰু “স্বচ্ছ ভাৰত অভিযান” (গ্ৰামীণ) ৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতি আৰু আগন্তুক দিনৰ পৰিকল্পনাৰ সন্দৰ্ভত আজিৰ কনফাৰেন্সত আলোচনা কৰা হয় ৷ মাননীয় কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্বেখাৱত ডাঙৰীয়াই বহুমূলীয়া দিহা-পৰামৰ্শ প্ৰদান কৰি আমাক উদ্বুদ্ধ কৰে ৷ আগন্তুক দিনত আমি অধিক ক্ষিপ্ৰতাৰে দুয়োটা অভিযানৰ অধীনৰ কাম-কাজ সম্পন্ন কৰিবলৈ সক্ষম হ’ম বুলি মোৰ দৃঢ়বিশ্বাস ৷

আজিৰ এই কনফাৰেন্সত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়ৰ উচ্চ পদস্থ বিষয়াসকল, উত্তৰ-পূৰ্বাঞ্চলৰ বিভাগীয় মন্ত্ৰীসকল, বিভাগীয় সচিবসকল আৰু বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷






