নগৰাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিজেপিৰ মিত্ৰজোঁটক বিপুল ভোটত জয়যুক্ত কৰক
অহা ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাটাছাৰকুছি পৌৰসভা নিৰ্বাচনৰ বিজেপি আৰু অগপ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী ৫ নং ৱাৰ্ডৰ ৰাণা ৰহমান আৰু ৬ নং ৱাৰ্ডৰ জিতুমনি দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰোঁ ৷

বিজেপি মিত্ৰজোঁটৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে বিগত সময় ধৰি অসমৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে কৰ্ম সম্পাদন কৰি আহিছে ৷ ইতিমধ্যেই সকলো স্তৰৰ ৰাইজে বিজেপি মিত্ৰজোঁটক নিজৰ হৃদয়ত স্থান দিছে ৷ সেয়েহে, পৌৰসভাৰ লগতে অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত এইবাৰ পৌৰসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বিজয় প্ৰায় নিশ্চিত ৷

এই নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ সৈতে অগপ পাটাছাৰকুছি বিধান পৰিষদৰ সভাপতি শ্ৰী জিন্টু চৌধুৰীৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷