ৰাইজৰ অকুণ্ঠ স্নেহৰ মাজত পাঠশালা পৌৰসভাৰ ৩ নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টিয়ে এতিয়া সৰ্বসাধাৰণৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেয়েহে, কেন্দ্ৰ আৰু ৰাজ্যৰ পিছতে এইবাৰ পৌৰসভা সমূহ বিজেপি মিত্ৰজোঁটৰ হাতত অৰ্পণ কৰিবলৈ ৰাইজ সাজু হৈছে ৷

আগন্তুক পাঠশালা পৌৰসভাৰ নিৰ্বাচন উপলক্ষে ৩ নং ৱাৰ্ডত বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীমতী জলী চৌধুৰীৰ হৈ সম্বোধন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত আগন্তুক বিজয়ৰ নিশ্চিতি লাভ কৰিলোঁ ৷ মই নিশ্চিত যে, অহা ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত ৩ নং ৱাৰ্ডত পদুম ফুলেই গৰিষ্ঠ সংখ্যক ভোট পাব ৷





