পাঠশালা পৌৰসভাৰ ২ নং ৱাৰ্ডৰ বিজেপি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীমতী হিমা বৰ্মনৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

আগন্তুক ৬ মাৰ্চ, ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচন উপলক্ষে আজি পাঠশালা পৌৰসভাৰ ২ নং ৱাৰ্ডৰ বিজেপি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰীমতী হিমা বৰ্মনৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

আজিৰ এই কাৰ্যসূচীত উপস্থিত ৰাইজৰ সহাঁৰি আৰু সহযোগিতাই আমাৰ বিজয় যে নিশ্চিত তাকেই প্ৰমাণ কৰিলে। নগৰাঞ্চলৰ আন্তঃগাঁথনি উন্নীতকৰণ, অবিৰত পানী যোগানকে আৰম্ভ কৰি পৌৰসভা এলেকাসমূহৰ ৰাইজৰ প্ৰতিটো অভাৱ-অভিযোগৰ ক্ষিপ্ৰ সমাধানৰ হেতু বিজেপি মিত্ৰজোঁটৰ দলৰ প্ৰাৰ্থীসকল সংকল্পবদ্ধ ৷

সেয়েহে, পাঠশালা পৌৰসভাৰ ২ নং ৱাৰ্ডৰ প্ৰাৰ্থী শ্ৰীমতী হিমা বৰ্মনক ভোট দান কৰি জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনাই মই সভাত নিজ বক্তব্য ৰাখোঁ।