ইতিহাস প্ৰসিদ্ধ ১৮৮ সংখ্যক “মাখিবাহা সভা মহোৎসৱ” ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ।

আজি মাখিবাহা সভা খলাত ইতিহাস প্ৰসিদ্ধ ১৮৮ সংখ্যক “মাখিবাহা সভা মহোৎসৱ” ৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ। আজিৰে পৰা ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱখনি অনুষ্ঠিত কৰা হৈছে।

উল্লেখ্য যে, উক্ত মহোৎসৱখনিৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰীক উদ্গনিমূলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হ’ব।

লগতে, ভাগৱত পাঠ, নাম কীৰ্তন, নাগাৰা নাম আৰু নাট্যাভিনয়কে আৰম্ভ কৰি বহু আধ্যাত্মিক অনুষ্ঠান পৰিৱেশন হ’বলগীয়া এই সভা মহোৎসৱে অঞ্চলবাসী ৰাইজক আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰিব ৷

এই মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আগন্তুক প্ৰতিটো দিনাই অঞ্চলটোৰ ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতাৰ কামনা কৰিছোঁ।

আজিৰ এই শুভ উদ্বোধনী কাৰ্যসূচীত মোৰ সৈতে প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰী প্ৰশান্ত ৰাজগুৰু, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ বিষয়ববীয়াসকল, বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।