পৌৰসভা এলেকাৰ ৰাইজৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বিজেপি আৰু মিত্ৰজোঁট দল

পৌৰসভা এলেকাৰ ৰাইজৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ বিজেপি আৰু মিত্ৰজোঁট দল

আজি কৰিমগঞ্জ জিলাত আগন্তুক পৌৰসভা নিৰ্বাচন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ মিত্ৰজোঁট দলৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ ।

সুপৰিকল্পিত পৌৰসভা গঠনৰ উদ্দেশ্যক সাৰোগত কৰি নতুন কৰ্মসংস্কৃতিৰে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিটো সমস্যাক তৎকালীনভাৱে সমাধান কৰাটোৱে হৈছে বিজেপি আৰু মিত্ৰজোঁট দলৰ প্ৰধান আৰু মূল লক্ষ্য। সেয়েহে, আজিৰ এই নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক বিজেপি আৰু মিত্ৰজোঁট দলক আগন্তুক পৌৰসভা নিৰ্বাচনত আন এক সুযোগ দিবলৈ আহ্বান জনাই মই নিজ বক্তব্য ৰাখোঁ।

আজিৰ এই প্ৰচাৰ সভাত মোক সংগ প্ৰদান কৰে জিলা সভাপতি শ্ৰী সুব্ৰত ভট্টাচাৰ্য, সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, জ্যেষ্ঠ নেতা শ্ৰী বিশ্বৰূপ ভট্টাচাৰ্য আৰু শ্ৰী মিছন ৰঞ্জন দাস তথা কাৰ্যকৰ্তা সকলে ৷