বদৰপুৰত বিজেপি আৰু মিত্ৰজোঁটৰ জয় অৱশ্যম্ভাৱী

হাইলাকান্দিৰ পিছতে বদৰপুুৰত পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ ৷ সভাত ৰাইজৰ উৎসাহী মন আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰতি থকা আস্থা দেখি অতি সন্তোষ লভিলোঁ ৷

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিগত দিনত নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰি দ্ৰুত উন্নয়নৰ দিশত আগবাঢ়িছে ৷ সেয়েহে, সৰ্বসাধাৰণ ৰাইজৰ মনত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰতি বিশ্বাস আৰু স্নেহ গভীৰ ভাৱে বৃদ্ধি পাইছে ৷ গতিকে, আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজে বিজেপি মিত্ৰজোঁটকে বহুমূলীয়া ভোটটি প্ৰদান কৰি জয়যুক্ত কৰিব বুলি মই নিশ্চিত ৷

বদৰপুৰৰ এই নিৰ্বাচনী সভাত মোৰ লগতে দলৰ জ্যেষ্ঠ নেতা শ্ৰী বিশ্বৰূপ ভট্টাচাৰ্য, কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি শ্ৰী সুব্ৰত ভট্টাচাৰ্যকে প্ৰমুখ্য কৰি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷





