অহা ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী ৷
সেই উপলক্ষে আজি হাইলাকান্দি পৌৰসভাত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ সমৰ্থত বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰোঁ ৷

আমাৰ উদ্দেশ্য হৈছে হাইলাকান্দি পৌৰসভাৰ বিৰামহীন প্ৰগতি তথা সৰ্বাংগীন উন্নয়ন। আজিৰ এই প্ৰচাৰ কাৰ্যসূচীত উপস্থিত ৰাইজৰ আগ্ৰহ আৰু সহযোগিতাই মোক অভিভূত কৰিলে। সভাত ৰাইজৰ সমাগম দেখি মই নিশ্চিত যে, অনাগত পৌৰসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট দলক উন্নয়নৰ স্বাৰ্থত ৰাইজে বিপুল ভোটেৰে বিজয়ী কৰিব।

আজিৰ এই নিৰ্বাচনী জনসভাত মোৰ সৈতে হাইলাকান্দি জিলাৰ বিজেপি সভাপতি শ্ৰী স্বপন ভট্টাচাৰ্য, বিধায়কদ্বয় শ্ৰী কৃষ্ণেন্দু পাল আৰু শ্ৰী বিজয় মালাকাৰ, বৰাক ভেলীৰ বিজেপিৰ জ্যেষ্ঠ নেতা শ্ৰী বিশ্বজিৎ ভট্টাচাৰ্য আৰু বিজেপি, কৰিমগঞ্জ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী মুন স্বৰ্ণকাৰ উপস্থিত থাকে ৷






