সৰভোগৰ পৌৰসভা নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সঁহাৰিয়ে আমাৰ বিজয় নিশ্চিত কৰিছে

সৰভোগৰ পৌৰসভা নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সঁহাৰিয়ে আমাৰ বিজয় নিশ্চিত কৰিছে

আগন্তুক পৌৰসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী। সেই উপলক্ষে, আজি সৰভোগ পৌৰসভা নিৰ্বাচনৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ।

সৰভোগৰ শ্ৰদ্ধাৰ ৰাইজে মোক কেইবাবাৰো এগৰাকী বিধায়ক হিচাবে নিৰ্বাচিত কৰি তেওঁলোকক সেৱা কৰাৰ বাবে সুযোগ প্ৰদান কৰিছিল। সৰভোগ সমষ্টিৰ ৰাইজৰ মোৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যি মৰম আৰু আস্থা, সেই আস্থা আৰু মৰমকেই আশীৰ্বাদ হিচাবে লৈ মই নিজ দায়িত্ব সম্পাদন কৰিছিলোঁ, বৰ্তমানলৈকে কৰি আছোঁ আৰু অনাগত দিনলৈ কৰি যাম।

আজিৰ এই প্ৰচাৰ কাৰ্যসূচীত ৰাইজৰ সমাগম দেখি মই আপ্লুত হৈছোঁ। মই নিশ্চিত হৈছোঁ যে, ৰাইজে পুনৰবাৰ মোৰ লগতে বিজেপি আৰু মিত্ৰজোঁট দলৰ প্ৰতি নিজৰ বিশ্বাস আস্থা ৰাখি আগন্তুক পৌৰসভা নিৰ্বাচনত আমাক বিজয়ী কৰিব।