আজি অসম সচিবালয়ৰ মোৰ কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰতিনিধি সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হওঁ ৷

এই বৈঠকত তেখেতসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যাৰাজি আৰু অভাৱ-অভিযোগৰ বুজ লওঁ ৷

আগন্তুক দিনত তেওঁলোকৰ সমস্যাসমূহ তথা অভাৱ-অভিযোগসমূহ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰক অৱগত কৰি সমাধান কৰাৰ বাবে প্ৰয়াস কৰিম ৷

আজিৰ এই বৈঠকত মোৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব শ্ৰী জে.বি. এক্কা, আয়ুক্ত শ্ৰী বিক্ৰম কৈৰী আৰু অতিৰিক্ত আয়ুক্ত শ্ৰী ৰাতুল পাঠককে প্ৰমুখ্য কৰি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷





