‘সাধাৰণ প্ৰশাসন বিভাগ’ ৰ বিষয়ে কালি বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট উত্থাপন কৰা বিষয়সমূহ

May be an image of text

জিলা আৰু মহকুমা প্ৰশাসনৰ কাম-কাজৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা ‘সাধাৰণ প্ৰশাসন বিভাগ’ ৰ বিষয়ে কালি বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট উত্থাপন কৰা বিষয়সমূহ হৈছে –

✅ সাধাৰণ প্ৰশাসন বিভাগটোৱে কামৰূপ মহানগৰ, ধেমাজি, গোলাঘাট, বঙাইগাঁও, বিশ্বনাথ, নলবাৰী, কাছাৰ, বাক্সা, কাৰ্বি আংলং, চৰাইদেউ আৰু বজালী জিলাত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে ৷ এই সংহত উপায়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ কেইবাটাও প্ৰধান বিভাগ কেন্দ্ৰীভূত কৰাৰ লগতে একেটা ভৱনতেই জিলাৰ সকলোবোৰ চৰকাৰী সেৱাৰ বাবে এটা One Stop Shop (OSS) নিশ্চিত কৰা হ’ব ৷

✅ আমাৰ সোণালী অতীতৰ যুগনায়কক উজ্বলাই তোলাৰ উদ্দেশ্যে চৰকাৰে দিছপুৰৰ জনতা ভৱন চৌহদত কুমাৰ ভাস্কৰ বৰ্মন, চাওলুং ছ্যু-কা-ফা আৰু মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ লগতে, জনতা ভৱনত এটা অতিৰিক্ত ৬ মহলীয়া কাৰ্যালয় ভৱন নিৰ্মাণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে ৷

✅ ৰাজ্যিক সচিবালয়ত উন্নত পৰিৱেশ নিশ্চিত কৰাৰ বাবে ‘স্বচ্ছতা’ প্ৰকল্প চলাই থকা হৈছে ৷

✅ তথ্য আৰু সেৱা প্ৰদানৰ উদ্দেশ্যে বিভাগটোৱে মানৱ সম্পদ পৰিচালনাৰ কাৰণে ‘মানৱ সম্পদ’ আৰু সকলো চৰকাৰী ৱেবছাইট মানসম্পন্ন কৰাৰ বাবে ই-প্ৰস্তুতি’ আদি আন বহুতো তথ্য-প্ৰযুক্তিজনিত পদক্ষেপ লৈছে ৷ ইয়াৰ বাবদ ১১৫৩.৭৫ কোটি টকাৰ আবন্টনৰ প্ৰস্তাৱ দিছে ৷