বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কালি দাখিল কৰা বাজেটত উপস্থাপন হোৱা ‘জনস্বাস্থ্য কাৰিকৰী বিভাগ’ ৰ বিষয়সমূহ এনেধৰণৰ

মাননীয়া বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে কালি দাখিল কৰা বাজেটত উপস্থাপন হোৱা ‘জনস্বাস্থ্য কাৰিকৰী বিভাগ’ ৰ বিষয়সমূহ এনেধৰণৰ –

May be an image of text

✅ বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থাৰ নিশ্চিত কৰি এখন স্বাস্থ্যবান সমাজ গঢ়িবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২৪ চনৰ ভিতৰত সকলো পৰিয়াললৈ নলযোগে খোৱাপানী যোগান ধৰাৰ যি অভিলাষী আঁচনি “জল জীৱন মিছন” আৰম্ভ কৰিছিল, ইয়াৰ অধীনত এই পৰ্যন্ত অসমত মুঠ ২০ লাখ পৰিয়ালক কাৰ্যক্ষম ঘৰুৱা নল সংযোগ (FHTC) প্ৰদান কৰা হৈছে আৰু ২৫০০ গাঁৱৰ সকলো পৰিয়ালক খোৱাপানীৰ নল সংযোগ দিয়া হৈছে ৷

✅ স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) সম্প্ৰতি দ্বিতীয় স্তৰত আছে, যাৰ লক্ষ্য হ’ল গোটা-জুলীয়া আৱৰ্জনা ব্যৱস্থাপনাৰ জৰিয়তে বহনক্ষম আৰু চকুত লগা পৰিচ্ছন্নতাৰ দ্বৈত উদ্দেশ্যৰে ODF Plus ত উপনীত হোৱা ৷ ইয়াৰ বাবদ ১৩৯৫.২৭ কোটি টকাৰ আবন্টনৰ প্ৰস্তাৱ দিয়া হয় ৷