গ্ৰাম্য স্বৰাজৰ সবলীকৰণৰ হেতু গছপুলি ৰোপণৰ কাৰ্যকলাপ, নতুন মীন পাম সৃষ্টি আৰু কম উৎপাদন হোৱা সময়ছোৱাত চাহ বাগিচাৰ বনুৱাসকলৰ নিশ্চিত আয়ৰ জৰিয়তে গ্ৰামাঞ্চলত বিভাগটোৰ ধ্বজাবাহী কাৰ্যসূচী এম জি এনৰেগাই (MGNREGA) প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব ৷
প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ অধীনত নিৰ্ধাৰিত জিলাসমূহত তালিকাভুক্ত গৃহৰ এক নতুন উদ্ভাৱনামূলক ধাৰণা গ্ৰহণ কৰা হৈছে ৷ এই আঁচনিৰ অধীনত অতিৰিক্ত সাত লাখ দুখীয়া গ্ৰাম্য হিতাধিকাৰীয়ে গৃহ লাভ কৰিব ৷ ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ লগতে ‘শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন’ আঁচনিৰ অধীনত অন্তিমজন লোকলৈকে ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াই আহিছে ৷ ‘বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা’ ৰ অধীনত প্ৰায় ৯০,০০০ আত্মসহায়ক গোটলৈ মুঠ ৪০০ কোটি টকাৰ বেংক ঋণৰ ওপৰত মূলধনী ৰাজসাহায্য আগবঢ়োৱা হৈছে ৷ গ্ৰামাঞ্চলত অহা-যোৱাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ৪০০০ তকৈ অধিক জীৱিকা সখীক স্কুটী প্ৰদান কৰা হৈছে ৷